শূন্যৰ আৱিষ্কাৰ কোনে কৰিছিল? জানো আহক -

আপোনালোকে সকলোৱে জানে যে গণিতত শূন্য (০) এটা এনেকুৱা সংখ্যা যিয়ে আমাৰ গণিত সম্পূৰ্ণ কৰে।ইয়াৰ অবিহনে আমাৰ গণিত অসম্পূৰ্ণ কাৰণ শূন্য অবিহনে গণিত গঠণ কৰিব নোৱাৰি। শূন্যৰ অৱদান প্ৰতিতো ক্ষেত্ৰতে আছে যদিও ইয়াক গণিতৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূর্ণ সংখ্যা।এবাৰ ভাবি চাওকচোন-যদি প্ৰকৃততে শূন্য নাথাকিলহেতেঁন তেন্তে আজি গণিত কেনেকুৱা হল হেতেঁন?গণিত থাকিল হেতেন কিন্ত আজিৰ দৰে নিখুঁত নহলহেতেন।এই কাৰণেই শূন্যৰ(০)ৰ আৱিষ্কাৰ আন্যতম গুৰুত্বপুৰ্ণ উদ্ভাৱন।শূন্য হৈছে এটা পূৰ্ণ সংখ্যা যিটোক '০; ৰে প্ৰতিনিধিত্ব কৰা হয়।শূন্য হৈছে গণনাৰ প্ৰথম অংক যাৰ অৰ্থ হৈছে কোনো বস্তুৰ অস্তিত্ব নাই।ই একমাত্র পুৰ্ণ সংখ্যা আৰু একমাত্র বাস্তৱ সংখ্যা যিতো ঋণাত্মক বা ধনাত্মক নহয়। শূন্য আবিষ্কাৰ কৰিছিল ভাৰতীয় গণিতজ্ঞ জ্যোতিষ আৰ্যভট্টই।মূলতঃ শূন্যৰ আৱিষ্কাৰৰ কৃতিত্ব ভাৰতৰ বিখ্যাত গণিতজ্ঞ ব্ৰহ্মগুপ্তৰ হাতত আছে,যিজনে ৬২৮ খ্ৰীষ্টাব্দত নীতিৰে শূন্যৰ প্ৰবৰ্তন কৰিছিল।ব্ৰহ্মগুপ্তৰ আগতে আৰ্যভট্টই শূন্যৰ ব্যৱহাৰ কৰিছিল যদিও নীতি নিদিয়াৰ বাবে তেওঁক শূন্যৰ মূল উদ্ভাৱক বুলি গ...