ভাৰতৰ google boy বুলি কোৱা লৰাজনৰ বিষয়ে জানো আহক।যাৰ আগত গুগলো ফেইল।
![]() |
কৌটিল্য পণ্ডিত |
গুগল চাৰ্চ ইঞ্জিনৰ দ্ৰুত উত্তৰৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। যেতিয়া এজন ব্যক্তিয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইমান সোনকালে দিয়ে, তেতিয়া মানুহে কয় ‘তেওঁৰ মগজু গুগলতকৈ বেছি দ্ৰুত’। যি জন সৰু ল’ৰা বিষয়ে আমি আপোনালোকক ক’বলৈ ওলাইছো, সেইজনৰ বাবেও ক’ব পাৰি যে তেওঁ গুগলৰ দৰে চোকা মনৰ শিশু। এই কাৰণেই গোটেই দেশখন একাংশ লোকে আৰু নিজৰ অঞ্চলৰ একাংশ লোকে গুগল বয় নামেৰে চিনি পায়। গতিকে ভাৰতৰ সেইজন শিশুৰ বিষয়ে জানো, যাৰ মনটোৰ সন্মুখত গুগলো বিফল হৈছে।
কিছুদিন আগে চোচিয়েল মিডিয়াসমূহত ভাইৰেল টেলিভিছন শ্বত এজন সৰু ল'ৰাই যিকোনো প্ৰশ্নৰ উত্তৰ তপৰাই দিয়া আপোনালোকে হয়তো নিশ্চয় দেখিছে।এই ল'ৰাজনৰ ভিডিও বিলাকে খলকনিৰ সৃষ্টি কৰিছিল।আজি আমি সেই লৰাজনৰ বিষয়ে জনাম যি নিজৰ মহান প্ৰতিভা বলত আজি কেৱল ভাৰততে নহয় গোটেই বিশ্বতেই গুগল বয় নামেৰে পৰিচিত।
লৰাজনৰ নাম কৌটিল্য পণ্ডিত।তেওঁৰ ঘৰ হাৰিয়ানাৰ কৰ্ণাল জিলাৰ কোহাণ্ড নামৰ ঠাইত।কৌটিল্য পণ্ডিতে মাত্ৰ বছৰতকৈ কম বয়সতে বহু কেইটা বিষয়ৰ লগত জড়িত প্ৰশ্নৰ উত্তৰ একচিকুততে দি লোকক আচৰিত কৰি তুলিছিল।তেতিয়াৰ পৰাই তেওঁক দেশৰ লোকে গুগল বয় নামে জানিছিল।কৌটিল্যৰ ব্ৰেইন ইমানেই চোকা যে কুৰুক্ষেত্র বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ মনোবিজ্ঞানীয়ে স্মৃতিশক্তিৰ ওপৰত অধ্যয়ন কৰিছে।ফটোগ্ৰাফিক স্মৃতিশক্তি থকা কৌটিল্যই এবাৰ দেখা বা পঢ়া কথাবোৰ কেতিয়াও পাহৰি নায়ায়।তেওৰ আইকিউ ১৩০ ৰ ওচৰত বুলি ধৰা হয়।নিজৰ প্ৰতিভাৰ বলত কৌটিল্যই এটাৰ পিছত এটা কৃতিত্ব লাভ কৰিছে।ইয়াৰ ভিতৰত কিছুমান উল্লেখনীয়-২০১৫ চনৰ ১৫ আগষ্টত ইংলেণ্ডৰ সংসদৰ হাউচ অৱ কমন্ছত ভাৰত গৌৰৱ বটা আৰু গ্ল’বেল চাইল্ড প্ৰডিজি এৱাৰ্ড ২০২০-২১ৰ বাবে নিৰ্বাচিত হৈছিল কৌটিল্য। ইয়াত আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, ইৰাণ, এছিয়া, জাপান, দক্ষিণ কোৰিয়া আদি ৩০ খন দেশৰ ১০০ জন প্ৰতিভাশালী শিশুৰ সৈতে কৌটিল্যক এই বঁটা প্ৰদান কৰা হৈছিল।
Comments
Post a Comment