Posts

Showing posts from June, 2022

মেৰী কোম সকলোৰে এটা পৰিচিত নাম।যিয়ে নিজৰ মহান সাফল্যৰে ভাৰতক গৌৰৱান্বিত কৰিছে।জানো আহক এই মহান গৰাকীৰ জীৱন চমু পৰিচয় আৰু লাভ কৰা কিছু পদক-

Image
মেৰী কোমৰ প্ৰাথমিক জীৱন আৰু পৰিয়াল :               মেৰী কোমৰ বিষয়ে যিমানেই নকও কিয় তথাপিও কম।আৰম্ভ কৰিছো তেওঁৰ জীৱন পৰিচয়ৰ পৰাই।সম্পূৰ্ণ নাম মাংতে চাংনেইজাং মেৰী কোমMC Merey Com।জন্ম মণিপুৰৰ কাংথেই নামৰ ঠাইত চন ১৯৮৩ চনৰ ১ মাৰ্চ তাৰিখত।পিতা মাংটে টনপা কোম মাতৃ মাংটে আখাম কোম।দেউতাক এজন দুখীয়া কৃষক আছিল।লোকটোক খ্ৰীষ্টান মডেল হাই স্কুলত ষষ্ঠ শ্রেণীলৈ আৰু ইয়াৰ পিছত তেওঁ চেইণ্ট জেভিয়াৰ কেথলিক হাইস্কুল যায়।যৰ পৰা তেওঁ অষ্টম শ্রেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।ট্ৰাইভেল হাইস্কুলত নৱম আৰু দশম শ্রেণী অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল যদিও পৰীক্ষাত উত্তীর্ণ হব পৰা নাছিল।মাজতে মেৰীয়ে স্কুল এৰি দিলে আৰু আগবাঢ়ি তাই 'এন আই অ এচ;(National Institiution Of Open Schooling)পৰীক্ষা দিয়ে।ইয়াৰ পিছত তেওঁ ইম্ফলৰ চুৰাচান্দ পুৰৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। মেৰী কোমে লাভ কৰা সন্মান আৰু পদক :            মেৰী কোম এগৰাকী ভাৰতীয় মহিলা বক্সাৰ চেম্পিয়ন।বক্সিং প্ৰতিযোগীতাত মেৰী কোমে ৰাজ্যিক পর্যায়ত আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু পুৰস্কাৰ লাভ কৰিছেই ইয়াৰ উপৰিও...

বিস্কুটত থকা সৰু সৰু ফুটা বিলাক কিয় থাকে?কেৱল ডিজাইনৰ বাবে নে ইয়াৰ আঁৰত কিবা কাৰণ লুকাই আছে,জানো আঁহক ইয়াৰ আঁৰত থকা তথ্য

Image
                          অধিক তম লোকৰ ঘৰত আলহীৰ আদৰণিৰ বাবে চাহৰ লগত বিস্কুট থাকেই।আপুনিও বিস্কুত মিঠা-নিমখীয়া নানা সোৱাদৰ নিশচয় খাইছে।নতুন-পুৰণাই এতিয়াৰ বজাৰত ভৰপুৰ আছে। আপুনি দেখা পোৱা কিছুমান বিস্কুটত সৰু সৰু ফুটাও নিশ্চয় দেখিবলৈ পাইছে।এই ফুটা বিলাক কিয় থাকে জানি লওক                                বিস্কুট তৈয়াৰ কৰাৰ আগতে, ময়দা, চেনী আৰু নিমখ চাদৰৰ দৰে ট্ৰেএখনত বিয়পাই দিয়া হয় আৰু যন্ত্ৰএটাৰ তলত ৰখা হয়। ইয়াৰ পিছত, এই যন্ত্ৰটোৱে সেইবোৰত ছিদ্ৰ কৰে। এই ছিদ্ৰবোৰ অবিহনে বিস্কুটবোৰ সঠিকভাৱে বনাব নোৱাৰি। বিস্কুট তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াৰ সময়ত, সেইবোৰত কিছু বায়ু ভৰ্তি কৰা হয় যিবোৰ অভেনত গৰম কৰাৰ সময়ত গৰম হোৱাৰ ফলত ফুলি উঠে। ইয়াৰ ফলত বিস্কুটৰ আকাৰ ডাঙৰ হোৱাৰ সৈতে বিস্কুটটো বিশৃংখল হৈ পৰে।এনে পৰিস্থিতিত আকাৰ বৃদ্ধি হোৱা প্ৰতিহত কৰিবলৈ সেইবোৰত ছিদ্ৰ কৰা হয়। হাই-টেক যন্ত্ৰবোৰে এই ছিদ্ৰবোৰ একে দূৰত্ব আৰু সমান দূৰত্বত প্ৰস্তুত কৰে। এনে কৰাৰ দ্...

মাইক্ৰ'স্কোপ কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল?(When and who invented the microscope?)

Image
                                       মাইক্ৰ'স্কোপ শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা গঠণ হৈছে ।শব্দ দুটাৰ এটা-Mikros মানে সৰু (ক্ষুদ্র)আৰু আনতো হৈছে Scopein-যাৰ অৰ্থ হৈছে চোৱা বা দেখা।এই দুটা শব্দৰ পৰাই গঠন হৈছে Microscope(মাইক্ৰ'স্কোপ) যাক আমি অণুবীক্ষণ যন্ত্ৰ বুলি কওঁ।ইয়াৰ প্ৰয়োগ কৰা হয় অতিকৈ সৰু বস্তু চোৱাৰ কাৰণে যাক আমি খালি চকুৰে মনিব নোৱাৰো বা কবলৈ গলে অসম্ভৱ।বৰ্তমান ইয়াৰ ইমানেই উন্নত মানৰ কৰি তুলিছে যত এটা ক্ষুদ্র বস্তুকো লাখ গুণ ডাঙৰ কৰি চাব পাৰি।                  Zacharias janssen               পোন প্রথমে মাইক্ৰ'স্কোপৰ আৱিষ্কাৰ জাকাৰিয়াছ জানচেনে(Zacharias janssen) আজিৰ পৰা প্ৰায় ৪৩০ বছৰ আগতেই চন ১৫৯০ আৱিষ্কাৰ কৰি উলিয়াইছিল।নেডাৰলেণ্ড নিবাসী জাকাৰিয়াছ জানচেনে চশমা বনোৱা কাম কৰিছিল।মাইক্ৰ'স্কোপৰ বনোৱাত তেখেতৰ দেউতাক হান্স জেনচেনৰ সহায়ত নেডাৰলেণ্ড চহৰৰ মিডিলবাৰ্গ নামৰ ঠাইত সাজি উলিয়াছিল।   ...