Most amazing fact of honey bee(মৌমাখিৰ আকৰ্ষণীয় তথ্য জানো আহক)
Amazing Fact of
honey bee(মৌমাখি)
মৌমাখিৰ বিষয়ে আকৰ্ষণীয় তথ্য(Facts about honey bee in assamese)
মৌমাখি নিজৰ জীৱনত কেতিয়াও নুশুৱে এওলোক ইমানেই পৰিশ্রম কৰে কেৱল মাত্র এক টোপাল ৰসৰ বাবেই বহুত দূৰ দূৰ উৰি থাকে ।আজি কালি তথাপি বহুত কম হৈ গৈছে কিন্তু আগতে মৌ মাখিৰ জাক- জাক ঠাইয়ে -ঠাইয়েগছৰ ডালত,দেৱালত ওলমি থকা দেখিবলৈ পোৱা গৈছিল।জানো আহক দেখি অহা সেই মৌ মাখিৰ বিষয়ে যিবিলাক দেখি আপোনালোকৰ মনত নানা ধৰণৰ প্রশ্নৰ উদ্ভব হয়। জানিবলৈ শেষলৈকে পঢ়িব নাপাহৰিব।
মৌ মাখিয়ে নিজৰ ৰস তৈয়াৰ কৰাৰ কাৰণে কিমান দূৰ দূৰলৈ উৰি ফুৰিব লগা হয় সেয়া কেৱল তেওলোকেহে জানে।আমি মানুহে মৌমাখিৰ বাহটো দেখিলে কেৱল আমাৰ ৰসৰ কাৰণে বাহটোৰ পৰা জাপীবিলাক পাৰি আনি বহুতে আনন্দৰে সেৱন কৰো। কিন্তু সেয়া মৌ মাখিৰ গোটেই জীৱনৰ পৰিশ্রম আৰু নতুন প্রজন্মৰ খাদ্য যাক আমি নাভাবা নিচিন্তাকৈ কেবল বাহ ভাঙি পেলাই লৈ আহো।সেয়া যি কি নহওক বলক আমি আচল কথাটো জানী লও।
প্ৰথমতে জনাও মৌমাখি এটাৰ পাখী দুখন এক চেকেন্ডত ২০০ বাৰ ফৰফৰাব পাৰে।মৌমাখিয়ে যি ৰস তৈয়াৰ কৰে সেই ৰসৰ ৰং নির্ভৰ কৰে ফুলৰ ৰঙৰ ওপৰত।মৌমাখিৰ শুঙিব পৰা শক্তি মানুহতকৈ বহু তেজ হয়।মৌমাখি এটাই প্রতি ঘণ্টাত ১৫ কিলোমিটাৰৰ গতিত উৰিব পাৰে। ইহতৰ চকু ৫টা থাকে দুটা ডাঙৰ চকু আৰু বাকী তিনিটা মূৰৰ ওপৰত সৰুকে থাকে।কীট পতংগৰ ভিতৰত কেৱল মৌমাখিয়ে এনে এবিধ কীট যাৰ আহাৰ মানুহেও আহাৰ হিচাপে গ্রহণ কৰিব পাৰে।মৌমাখিৰ পেট দুটা থাকে এটা খাদ্য খাবলৈ আৰু আনতো ফুলৰ ৰস সংগ্রহ কৰিবলৈ।এটা মৌ মাখিৰ ছয়খন ঠেং আৰু দুখন পাখী থাকে।ইহতৰ জীৱনত চাৰি প্ৰকাৰৰ পৰিবর্তন হয় যেনে-কণী,লাভা,পিউপা আৰু মাখি।মৌচাকত তিনি প্রকাৰৰ মাখি থাকে মতা,মাইকী আৰু আপোনালোকৰ সকলোৰে সুপৰিচিত মাখি ৰাণী।বিশ্বজুৰিত ২০,০০০ প্ৰকাৰৰ মাখি আছে।তাৰ ভিতৰত মাত্র চাৰি প্ৰজাতিয়েহে মৌ তৌয়াৰ কৰিবলৈ সক্ষম হয়।সিহতৰ মধুচক্র মমৰ দ্বাৰা তৈয়াৰী কৰে,যি তেওলোকৰ পেটৰ পৰা ওলাই থাকে।ৰাণী মৌ মাখিৰ জন্ম নহয় ইয়াক তৈয়াৰ কৰা হয়।এক কিলো মৌ ৰস বনাবলৈ মৌ মাখিৰ ৪০ হাজাৰ বিধ ফুলৰ ৰস প্রয়োজন হয়।একেলগে এজন মানুহক যদি ১,১০০ টা মৌ মাখিয়ে কামোৰে তেতিয়া হলে মানুহ জনৰ মৃত্যু ঘতিব।এজাক মৌত ২০ হাজাৰৰ পৰা ৬০ হাজাৰ পর্যন্ত মাখি থাকে,তাৰ মাত্র এটা ৰাণী কেইটামান মতা আৰু সকলো মাইকী মহ থাকে।ই একমাত্র সদস্য কেৱল কণী দিয়া,মতা মাখিৰ কাম কেৱল ৰাণীৰ সতে মিলন কৰা আৰু বাকী সকলোবোৰ কাম ৰৈ যায় মাইকীবোৰৰ ওপৰত।গৃষ্মকালত কালত মৌমাখি আতি ব্যস্ত হৈ থাকে কিয়নো এই সময়ত মধূচক্রৰ সংখ্যা বেছি হয়।মৌমাখায়ে একদিনত ২০০০ টা কণী দিব পাৰে।২৮ গ্ৰাম মৌৰসে মৌমাখিক ইমান শক্তি দিব পাৰে যে ই গোটেই পৃথিৱীখন এপাক ঘূৰি আহিব পাৰিব।পৃথিৱীৰ সকলো প্ৰাণীতকৈ মৌমাখিৰ ভাষা আতাইতকৈ কঠিন ভাষা বুলি কোৱা হৈছে।
ৰাণী মৌমাখিৰ কিছুমান বিশেষ তথ্য
প্রথমতে কোৱা হৈছে ৰাণী মাখীৰ জন্ম নহয় ৰাণী মৌমাখিক মৌচাকতোৰ ইচ্ছা অনুসৰি এটা মাইকী মৌ বাচি নির্মাণ কৰে।এটা জাকত দুটা ৰাণী থাকিব নোৱাৰে যদি থাকেও তেতিয়া হলে কেৱল কিছু সময়ৰ কাৰণে থাকে।যদি এটা মৌচাকত দুটা ৰাণী লগ হয় তেতিয়া হলে তেওঁলোকে বন্ধুত্বৰ সলনি এটাই আনতোৰ ওপৰত আক্রমণ কৰাতোহে পচন্দ কৰে যাৰ বাবে এটা ৰাণীৰ মৃত্যু ঘটে।শ্রমিক মৌমাখিবোৰে ২০টা মম কোষ প্রস্তুত কৰিবলৈ ৰাণীৰ কণী নিষিক্ত কৰে,তাৰ পিছত ডেকা নার্স মৌমাখি ৰণী লার্ভাৰ তৈয়াৰ কৰা `ৰয়েল জেলী`নামৰ এক বিশেষ খাদ্য প্রস্তুত কৰাত সহায় কৰে।এই প্রক্রিয়া যেতিয়ালৈকে অব্যাহত থাকে যেতিয়ালৈকে কোষবোৰৰ দৈর্ঘ্য ২.৫ মিলিমিটাৰ লৈকে নহয়।নির্মাণ প্রক্রিয়াৰ ন দিনৰ পিছত এই কোষবোৰ সসম্পূর্ণৰূপে মমৰ স্টোৰেৰে আবৰি থাকে আৰু ই ৰাণী মৌ মাখিৰ উৎপাদন কৰে।ৰাণী মৌ মাখি কেতিয়াবা হঠাৎ মৰি যায় যাৰ বাবে কেতিয়াবা কেতিয়াবা গুচি যোৱা দেখা পোৱা যায়।ৰাণী মৌ মাখিয়ে জীয়াই থকাৰ অবস্থাত প্রতিসময়তে এক নির্দিষ্ট প্রকাৰৰ পদার্থ এৰি দিয়ে যাৰ সুগন্ধ গোটেই ফালে বিয়পি থাকে।এই সুগন্ধ নোপোৱা মানে মৌবিলাকে গম পাই যায় যে ৰাণীৰ মৃত্যু ঘটিছে।তেতিয়াই তেওঁলোকে নতুন ৰাণী নিৰ্মাণ কৰাৰ প্রস্তুতি চলায় আৰু ৩ দিনৰ পিছত নিৰ্মাণ কৰে যদি কিবা কাৰণত ৩দিনত তৈয়াৰ কৰিব নোৱাৰে তেন্তে সেই বাহটো এৰি আন বাহ তৈয়াৰ কৰাৰ যো-যা চলায়।পুৰণি বাহটো ধবংস হৈ যায়।
আশা কৰোঁ এই পোষ্টটো পঢ়ি আপোনালোকে মৌমাখিৰ বিষয়ে বহুতো তথ্য জানিব পাৰিছা।পঢ়ি কেনেকুৱা লাগিছে আপোনালোকৰ মতামত আমাক তলত কমেন্ট কৰি জনাব পাৰে আৰু যদি আপুনি এনেধৰণ তথ্য জানিব বিচাৰে তেন্তে আমাক ফেচবুকত follow কৰিব পাৰে আৰু যদি মৌমাখিৰ তথ্যখিনি জানি ভাল লাগিল তেন্তে এটা লাইক কৰিব পাৰে।
Comments
Post a Comment